এজন বাঁহীবাদকৰ সুৰবোৰ
শিমলুৰ তুলাৰ দৰে
বতাহৰ সতে উৰি যায়,
আনৰ বুকু জুৰায়।
তেওঁৰ আঙুলিৰ বোলত গজি উঠা
ভিন্নৰঙী সপ্তকৰ সুৰবোৰ
এখন মায়াজালত পৰিণত হয়।
বোকাবৰণীয়া দুখবোৰে সেই সুৰক
সাৰ-পানী যোগায়।
নিতাল মাৰি শুই থকা সেউজীয়া পখিলাবোৰ
সাৰ পায় উঠে।
ওখ পাহাৰটোৰ পৰা হালি পৰা
পাইনগছৰ সুহুৰিবোৰ
আকাশলৈ ঢাপলি মেলে।
বাঁহীৰ কান্দোনত টোপাল টোপালকৈ
সৰি পৰা সুখবোৰে
পথাৰখনক গাভৰু কৰি তুলে।
No comments:
Post a Comment